ৱিকিপিডিয়া:নিৰ্বাচিত প্ৰবন্ধসমূহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসমীয়া ৱিকিপিডিয়াৰ নিৰ্বাচিত প্ৰবন্ধসমূহ

অসমীয়া ৱিকিপিডিয়াৰ নিৰ্বাচিত প্ৰবন্ধসমূহৰ বাবে নিৰুপণ কৰা তৰা চিহ্ন

নিৰ্বাচিত প্ৰবন্ধ (featured article) হ’ল সেইবোৰ প্ৰবন্ধ, যিবোৰে ৱিকিপিডিয়াৰ সম্পাদক আৰু ব্যৱহাৰকাৰীসকলৰ অনুসৰি ৱিকিপিডিয়াৰ শ্ৰেষ্ঠতম প্ৰবন্ধসমূহৰ মাজত স্থান লাভ কৰে। এই পৃষ্ঠাত স্থান লাভ কৰাৰ আগেয়ে প্ৰস্তাৱনা আৰু বিশ্লেষণৰ মাধ্যমৰে এইবোৰ প্ৰবন্ধৰ মান, নিৰ্ভৰযোগ্যতা, নিৰপেক্ষতা, পৰিপূৰ্ণতা আৰু লিখনৰীতি পৰীক্ষণ কৰা হয়। এই সংক্ৰান্তত অধিক নিৰ্দেশনা আছে নিৰ্বাচিত প্ৰবন্ধৰ মানদণ্ড পৃষ্ঠাত।

বৰ্তমান অসমীয়া ৱিকিপিডিয়াৰ মুঠ 3,652 টা প্ৰবন্ধৰ মাজত টা নিৰ্বাচিত প্ৰবন্ধ আছে।

নিৰ্বাচিত প্ৰবন্ধ সাঁচ মনোনীত প্ৰবন্ধ পৃষ্ঠাত ওপৰত লিখি ৰাখিলে এটা ক্ষুদ্ৰ তাৰকা চিহ্ন (LinkFA-star.png) দ্বাৰা প্ৰবন্ধটো নিৰ্দেশিত হয়।

নিঁখুত, নিৰ্বাচিত আৰু ভাল প্ৰবন্ধৰ সংযোগসমূহ:

নিৰ্বাচিত প্ৰবন্ধৰ তালিকা

ৱিকিপিডিয়াৰ নিৰ্বাচিত প্ৰবন্ধত তলৰ বৈশিষ্ট্যসমূহ থকা বাঞ্চনীয়:

  1. প্ৰবন্ধটো ৱিকিপিডিয়াৰ সম্পাদকসকলৰ কৰ্মৰ শ্ৰেষ্ঠতম নমুনা হোৱা উচিত।
  2. প্ৰবন্ধটো "সুলিখিত", "সুসমন্বিত", "তথ্যগতভাৱে নিৰ্ভুল", "নিৰপেক্ষ" আৰু "স্থায়ী"। নিৰ্বাচিত প্ৰবন্ধৰ মান কিমান কেনেদৰে নিৰূপণ কৰিব পাৰি সেয়া জনাৰ বাবে ভাল প্ৰবন্ধ এটা কেনেদৰে সৃষ্টি কৰিব? আৰু নিখুঁত প্ৰবন্ধ পঢ়ক। ইয়াত:
    • (ক) "সুলিখিত" বুলি ক’লে লেখাটিৰ মনোগ্ৰাহী ভাষাৰ বিষয়ে বুজোৱা হৈছে;
    • (খ) "সুসমন্বিত" বুলিলে প্ৰবন্ধটোতে বিষয়বস্তু সম্বন্ধে সকলোবোৰ বিতং বৰ্ণনা দিয়া হৈছেনে নাই আৰু কিবা প্ৰধান তথ্য আদি বাকী ৰৈ গৈছে নেকি সেয়া পৰীক্ষা কৰা;
    • (গ) "তথ্যগতভাৱে সঠিক" বুলিলে প্ৰবন্ধটোত উল্লিখিত তথ্যসমূহৰ যথাযথ প্ৰমাণ আৰু উদ্ধৃতিৰ সহায়েৰে সমৰ্থন কৰা হৈছে নে নাই ( ৱিকিপিডিয়া:নিৰ্ভৰযোগ্যতা চাওক); প্ৰবন্ধটোত “তথ্য সংগ্ৰহৰ” অনুচ্ছেদ আছে, য’ত তথ্য-উৎসসমূহ ধাৰাবাহিকভাৱে দিছে; ইয়াৰ বাদেও প্ৰয়োজন হ’লে প্ৰবন্ধৰ মাজতো বিভ্ৰান্তিকৰ উৎসৰ উল্লেখ থাকিব পাৰে ( ৱিকিপিডিয়া:তথ্য উদ্ধৃতি চাওক)। পাদটীকা আৰু প্ৰবন্ধৰ শেষৰ উৎসপঞ্জীৰ বাবে meta:cite-ত উল্লিখিত ধৰণ অনুসৰণযোগ্য;
    • (ঘ) "নিৰপেক্ষ" বুলিলে প্ৰবন্ধটোৰ নিৰপেক্ষতা আৰু তথ্যগত সঠিকতালৈ কোনো বিতৰ্ক নোহোৱা বুজায় ( ৱিকিপিডিয়া:নিৰপেক্ষ দৃষ্টিভঙ্গী চাওক); আৰু
    • (ঙ) "স্থায়ী" বুলিলে প্ৰবন্ধটোত নিয়মিতভাৱে কোনোধৰনৰ গুৰুত্বপূৰ্ণ পৰিবৰ্তন সাধন কৰা নহয় আৰু প্ৰবন্ধটো কোনো সম্পাদনা দ্বন্দৰ চিকাৰ নহয়।

নিৰ্বাচিত প্ৰবন্ধ[সম্পাদনা কৰক]

Assamese coin.png

অসমীয়া ভাষা হৈছে সকলোতকৈ পূৰ্বীয় ভাৰতীয়-আৰ্য ভাষা। ইয়াক ঘাইকৈ উত্তৰ-পূব ভাৰতঅসমত ব্যৱহাৰ কৰা হয়। ই অসমৰ ৰাজ্যিক ভাষা। অৰুণাচল প্ৰদেশৰ কোনো কোনো ঠাইত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আন আন ৰাজ্যতো অসমীয়াভাষী লোক আছে। অসমত বৰ্তমান অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা ১.৩০ কোটিৰো বেছি আৰু বিশ্বজুৰি এই সংখ্যা প্ৰায় ২ কোটি। অসমীয়া ভাষাৰ গঢ় আৰু ধ্বন্নি বৈশিষ্টসমূহ সংস্কৃতৰ পৰা উদ্ভৱ হৈছে। অসমীয়া লিপিৰে এই ভাষা লিখা হয়। লিখাৰ ধৰণ বাওঁফালৰ পৰা সোঁফাললৈ আৰু ওপৰৰ পৰা তললৈ। অসমীয়া ভাষা প্ৰধানকৈ ইণ্ডো-ইউৰোপীয় বা ভাৰত-ইউৰোপীয় পৰিয়ালৰ শতম শাখাৰ পৰা বিকাশ হৈছে৷ শতম শাখাৰ এটা প্ৰধান ভাগ আছিল 'আৰ্য' বা 'ভাৰত-ইৰানীয়'৷ এই আৰ্যভাষাৰে এটা প্ৰধান ঠাল ভাৰতীয় আৰ্যৰ পৰা খৃঃ পূঃ ৬ষ্ঠ শতিকাৰ পৰা ১০ম শতিকাৰ ভিতৰত বিকাশ হোৱা মধ্য ভাৰতীয় আৰ্য ভাষাৰ অন্ত্য প্ৰাকৃত বা অপভ্ৰংশ স্তৰৰ মাগধী অপভ্ৰংশৰ পৰা অসমীয়া ভাষাৰ জন্ম হয়৷ অসমীয়া ভাষাৰ বিকাশ প্ৰক্ৰিয়াক ড° বাণীকান্ত কাকতিয়ে তিনিটা ভাগত ভাগ কৰিছে: প্ৰাচীন অসমীয়া- চতুৰ্দশ শতিকাৰ পৰা ষোড়শ শতিকাৰ শেষলৈ, মধ্যযুগীয় অসম- সপ্তদশ শতিকাৰ পৰা ঊনবিংশ শতিকাৰ আৰম্ভণিলৈ, আধুনিক অসমীয়া- ঊনবিংশ শতিকাৰ পৰা বৰ্তমানলৈ৷ খৃষ্টীয় পঞ্চম শতিকাৰ পৰা দ্বাদশ শতিকালৈকে প্ৰাচীন কামৰূপ ৰাজ্যত ৰাজত্ব কৰা হিন্দু ৰজাসকলৰ তাম্ৰফলিসমূহতেই প্ৰাচীন অসমীয়া লিখিত সাহিত্যৰ নিদৰ্শন পোৱা যায়৷ ইয়াৰ পিছত ক্ৰমে ক্ৰমে চৰ্যাপদ, শ্ৰীকৃষ্ণ কীৰ্তন, হেম সৰস্বতীৰ ‘প্ৰহ্লাদ চৰিত’, মাধৱ কন্দলীৰ ‘ৰামায়ণ’, শংকৰদেৱ-মাধৱদেৱৰ ‘কীৰ্তন-নামঘোষা’, ভট্টদেৱৰ ‘কথা-গীতা’, কথাগুৰুচৰিত, বুৰঞ্জীসাহিত্য আদিৰ পিছত সৃষ্টি হোৱা অৰুণোদই, জোনাকী, ৰামধেনু আদি বিভিন্ন সাহিত্যৰ মাজেৰে অসমীয়া ভাষাই এটা পূৰ্ণাঙ্গ অৱস্থা লাভ কৰে৷ (বাকী অংশ পঢ়ক...)

Cobra hood.jpg

সাপে খোঁটাৰ ফলত হোৱা আঘাতকে সৰ্পদংশন (ইংৰাজী ভাষাত Snakebite) বুলি কোৱা হয়। দাঁতৰ আঘাতত ঠাইটুকুৰাত বিন্ধাৰ দৰে ক্ষতৰ সৃষ্টি হ'ব পাৰে বা শৰীৰত বিষ বিয়পিব পাৰে। সাপৰ বেছিভাগ প্ৰজাতিৰেই বিষ নাই আৰু সেইবোৰে চিকাৰৰ শৰীৰত চাপ প্ৰয়োগেৰেহে হত্যা কৰে। তুলনামূলকভাৱে কম সংখ্যক সাপ বিষধাৰী আৰু সেইবোৰ এণ্টাৰ্কটিকাৰ বাহিৰে আন সকলো মহাদেশত পোৱা যায়। পৃথিৱীত সাপৰ প্ৰায় ৩০০০ প্ৰজাতি পোৱা যায় যাৰ প্ৰায় ১৫% মানুহৰ বাবে বিপজ্জনক। সাপে চিকাৰৰ লগতে প্ৰতিৰক্ষাৰ বাবেও দংশন কৰে। যিহেতু সাপ দেখাত বিভিন্ন ৰকমৰ হ'ব পাৰে, সেইবাবে সৰ্পদংশনৰ ক্ষেত্ৰত প্ৰজাতি নিৰ্ণয় কষ্টসাধ্য আৰু ততালিকে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। (বাকী অংশ পঢ়ক...)

Olympic rings with transparent rims.svg

আধুনিক অলিম্পিক (ইংৰাজী: Olympics Games) হৈছে বৰ্তমান বিশ্বত অনুষ্ঠিত সৰ্ববৃহত অনুষ্ঠানসমূহৰ ভিতৰত অন্যতম। অলিম্পিকক মূলতঃ গ্ৰীষ্মকালীন আৰু শীতকালীন দূটা ভাগত ভাগ কৰা হয়, অলিম্পিক খেলসমূহত পৃথিৱীৰ বিভিন্ন দেশৰ হাজাৰ হাজাৰ খেলুৱৈ প্ৰতিযোগীয়ে বিভিন্ন ধৰণৰ খেলত অংশগ্ৰহণ কৰে। অলিম্পিকক বিশ্বৰ সকলোতকৈ প্ৰাচীন আৰু সকলোতকৈ মৰ্যদাপূৰ্ণ ক্ৰীড়া প্ৰতিযোগিতা বুলি গণ্য কৰা হয়। বৰ্তমান অলিম্পিক দূবছৰৰ মূৰত অনুষ্ঠিত হয়, এখন গ্ৰীষ্মকালীন অলিম্পিক হৈ যোৱাৰ পাছত পাছৰখন শীতকালীন অলিম্পিক অনুষ্ঠিত হয়, অৰ্থাৎ দুখন গ্ৰীষ্মকালীন বা দুখন শীতকালীন অলিম্পিকৰ মাজৰ অন্তৰ চাৰি বছৰ। খ্ৰীষ্টপূৰ্ব ৪ৰ্থ শতিকাত প্ৰাচীন গ্ৰীচৰ অলিম্পিয়া চহৰত অনুষ্ঠিত হোৱা প্ৰাচীন অলিম্পিকৰ ধাৰণাৰেই আধুনিক অলিম্পিক আৰম্ভ কৰা হয়। বাৰ’ন পীয়েৰ ডে কুৱাৰ্টিনে ১৮৯৪ চনত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটি (IOC) গঠন কৰে। তেতিয়াৰে পৰা IOC’য়ে আধুনিক অলিম্পিকৰ আয়োজন কৰি আহিছে। বৰ্তমান পৃথিৱীৰ প্ৰায় সকলো দেশেই অলিম্পিকত ভাগ লয়। (বাকী অংশ পঢ়ক...)

AbdulKalam.JPG

আবুল পাকিৰ জয়নুল আবেদিন আব্দুল কালাম (ইংৰাজী: Avul Pakir Jainulabdeen Abdul Kalam) (এই শব্দটোৰ বিষয়ে উচ্ছাৰণ ; জন্ম ১৫ অক্টোবৰ ১৯৩১) সৰ্বপৰিচিত নাম ড° এ. পি. জে. আব্দুল কালাম, এজন ভাৰতীয় বিজ্ঞানী আৰু প্ৰশাসক যিজন ভাৰতৰ ৰাষ্ট্ৰপতি আছিল| কালামৰ জন্ম আৰু শৈশৱ তামিলনাডুৰ ৰামেশ্বৰম নামে ঠাইত হৈছিল| তিৰুচিৰাপল্লীৰ চেইণ্ট যোচেফ কলেজৰ পৰা পদাৰ্থ বিজ্ঞান আৰু চেন্নাইৰ মাদ্ৰাছ ইনষ্টিটিউট অৱ টেকন'লজি (MIT), এ’ৰস্পেছ ইঞ্জিনিয়াৰিং বিষয় হিচাপে লৈ উত্তীৰ্ন হয়| ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ আগেয়ে, তেখেত এজন এ’ৰস্পেছ অভিযন্তা হিচাপে প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা (DRDO) আৰু ভাৰতীয় মহাকাশ অধ্যয়ন সংস্থাত (ISRO) কাৰ্যনিৰ্বাহ কৰিছিল| কালামৰ আন এটা জনপ্ৰিয় নাম হৈছে ভাৰতৰ মিছাইল মানৱ, ভাৰতত বালাষ্টিক ক্ষেপনাস্ত্ৰ (ballistic missile) আৰু "উৎক্ষেপণ যান" (launch vehicle) প্ৰযুক্তিৰ বিকাশৰ ক্ষেত্ৰত তেখেতৰ অৰিহণাৰ বাবে এই উপাধি তেখেতক প্ৰদান কৰা হৈছে। ১৯৭৪ চনৰ প্ৰথম নিউক্লীয়েৰ পৰীক্ষাৰ পাছত, ১৯৯৮ চনত হোৱা ভাৰতৰ "পোখৰান-২" নিউক্লীয়েৰ পৰীক্ষণত ড° কালামে কাৰিকৰী দিশৰ উপৰিও ৰাজনৈতিক আৰু সাংগঠনিক দিশত মূখ্য ভুমিকা পালন কৰিছিল তথাপিও কোনো কোনো বিজ্ঞান বিশেষজ্ঞই ক'ব বিচাৰে যে ড° কালামে কোনো কৃতিত্ব নোহোৱাকৈয়ে হোমি জাহাংগীৰ ভাৱা আৰু বিক্ৰম চাৰাভাইয়ে কৰি থৈ যোৱা কাম খিনি আগবঢ়াই নিছিল। (বিতং ভাৱে পঢ়ক........)

বেনিটো মুছ'লিনি আৰু এডল্‌ফ হিট্‌লাৰ (সোঁফালে)

দ্বিতীয় বিশ্বযুদ্ধ বুলিলে ১৯৩৯ চনৰ পৰা ১৯৪৫ চনৰ কালছোৱাত, সমগ্ৰ বিশ্বযুৰি হোৱা যুদ্ধলানিকে বুজা যায়। বিশ্বৰ মহাশক্তি সমূহৰ লগতে, প্ৰায় সকলোবোৰ দে‍শেই জড়িত হৈ পৰা এই যুদ্ধত দুটি বিপৰীত সামৰিক জোঁটৰ সৃষ্টি হয়, মিত্ৰশক্তি আৰু[অক্ষশক্তি। এই মহাসমৰক ইতিহাসৰ সকলোতকৈ বিস্তৃত যুদ্ধ বুলি ধৰা হয়, য’ত ১০ কোটিতকৈয়ো বেচি লোকে সামৰিক সেৱা আগবঢ়াইছিল।যুদ্ধত আগভাগ লোৱা জাতি সমূহে এই সময়চোৱাত নিজৰ সকলো অৰ্থনৈতিক, ঔদ্যোগিক আৰু বৈজ্ঞানিক সমল এই যুদ্ধৰ বাবে প্ৰয়োগ কৰিছিল, যাৰ বাবে সামৰিক আৰু অসামৰিক সমলসমূহৰ পাৰ্থক্যই নোহোৱা হৈ গৈছিল। ‘হ’ল’কাষ্ট’ (হিটলাৰৰ দ্বাৰা ৬০ লাখ ইহুদী হত্যা) কে ধৰি অসামৰিক লোকৰ গণহত্যা, হিৰোচিমা আৰু নাগাচাকিত পাৰমাণৱিক অস্ত্ৰৰ প্ৰয়োগ, ইত্যদিৰ বাবে কুখ্যাত এই যু্দ্ধত ৫ পৰা ৭ কোটিমান লোকৰ মৃত্যু হৈছি্ল। এই পৰিসংখ্যাৰ পৰা কব পাৰি যে, দ্বিতীয় বিশ্বযুদ্ধ মানৱ ইতিহাসৰ সকলোতকৈ ঘাটক যুদ্ধ আছিল। যদিও জাপানৰ সম্ৰাট ইতিমধ্যেই ১৯৩৭ চনত চীন গণৰাজ্যৰ সৈতে যুদ্ধত লিপ্ত হৈছিল, তথাপি ১৯৩৯ চনত এক চেপ্টেম্বৰত জাৰ্মানীয়ে পোলেণ্ড আক্ৰমণ কৰা; আৰু তাৰ ফলশ্ৰুতিত, ফ্ৰান্সৰ লগতে ব্ৰিটিছ সাম্ৰাজ্য আৰু ৰাষ্ট্ৰমণ্ডলৰ (commonwealth) দেশ সমূহে জাৰ্মানীৰ ওপৰত যুদ্ধ ঘোষণা কৰাকে, আধিকাৰিক ভাৱে ২য় বিশ্বযুদ্ধৰ আৰম্ভনি বুলি ধৰা হয়।.জাৰ্মানীয়ে ইউৰোপত এখন বিশাল সাম্ৰাজ্য গঢ়ি তোলাৰ ইচ্ছা কৰিছিল। ১৯৩৯ চনৰ পৰা ১৯৪১ চনৰ ভিতৰত, এলানি অভিযান আৰু সন্ধিৰ মাজেৰে জাৰ্মানীয়ে ইউৰোপ মহাদেশৰ বহুলাংশই জয় বা বশ কৰি পেলাইছিল; নাৎসী –চোভিয়েত সন্ধি মৰ্মে, সাধৰণতে নিৰপেক্ষ হৈ থকা চোভিয়েট ইউনিয়নেও, তেঁওলোকৰ পোলেণ্ডকে ধৰি ৬ খন চুবুৰিয়া দেশ পূৰ্ণ বা আংশিক ৰূপে অধিগ্ৰহণ কৰিছিল। ইংলেণ্ড আৰু ৰাষ্ট্ৰমণ্ডলেই এই সময়চোৱাত অকলশৰীয়াকৈ, জাৰ্মানীয়ে নেতৃত্ব দিয়া অক্ষশক্তিৰ বিৰুদ্ধে যুঁজ দি আছিল। (বাকী অংশ পঢ়ক...)

২০১০ৰ বিশ্বকাপৰ শুভংকৰ "জাকুমি"

ফিফা বিশ্বকাপ (ইংৰাজী: FIFA World Cup) বা সাধাৰণভাবে বিশ্বকাপ হৈছে, আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ তদাৰককাৰী সংস্থা ফিফা (Fédération Internationale de Football Association)ৰ সদস্য ৰাষ্ট্ৰসমূহৰ পুৰুষ ফুটবল দলসমূহৰ মাজত হোৱা এখন আন্তঃৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতা। ১৯৪২ চন আৰু ১৯৪৬ চনক বাদ দি ১৯৩০ চনৰ পৰা প্ৰতি চাৰি বছৰৰ মূৰে মূৰে এই প্ৰতিযোগিতা খন অনুষ্ঠিত হৈ আহিছে, ১৯৪২ আৰু ১৯৪৬ দ্বিতীয় বিশ্বযুদ্ধৰ বাবে এই প্ৰতিযোগিতা হোৱা নাছিল। বৰ্তমান এই বিশ্বকাপৰ চেম্পিয়ন দল ইটালী, ইটালীয়ে শেহতীয়া ২০১০ চনৰ বিশ্বকাপ দখল কৰে।

বৰ্তমানৰ নিয়ম অনুসৰি বিশ্বকাপৰ মূল পৰ্ব (World Cup Finals)ত ৩২ টা দলে আয়োজক দেশৰ বিভিন্ন স্থানত প্ৰতিযোগিতাত অৱতীৰ্ন হয়। এই প্ৰতিযোগিতা প্ৰায় এমাহ জুৰি চলে। বিশ্বকাপৰ মূল পৰ্বৰ পূৰ্বে প্ৰায় তিনি বছৰ জুৰি চলা প্ৰাৰম্ভিক পৰ্বৰ প্ৰতিযোগিতাৰ পৰা এই ৩২টা দলক নিৰ্বাচন কৰা হয়, এই দল সমূহৰ ভিতৰত আয়োজক দেশ(সমূহ)ও থাকে।

এতিয়ালৈকে অনুষ্ঠিত হোৱা মুঠ ১৯খন বিশ্বকাপৰ খিতাপ মুঠ আঠখন দেশে অৰ্জন কৰিছে। ব্ৰাজিলে মুঠ পাঁচবাৰ এই খিতাপ দখল কৰিছে, আনহাতেদি ইটালীয়ে চাৰিবাৰ, জাৰ্মানীয়ে তিনিবাৰ, আৰ্জেন্টিনা আৰু প্ৰথম বিশ্বকাপ বিজয়ী উৰুগুৱেই মুঠ দুবাৰকৈ বিশ্বকাপৰ খিতাপ দখল কৰিছে। তাৰোপৰি ইংলেণ্ড, ফ্ৰান্স আৰু স্পেইনে এবাৰকৈ বিশ্বকাপ দখল কৰিছে। (বাকী অংশ পঢ়ক...)

পাৰম্পৰিক এনিমেছনৰ উদাহৰণ। ঘোঁৰাটোৰ দৌৰি থকা মূহুৰ্তৰ কেবাখনো ছবি ক্ৰমত সজাই এই এনিমেছন নিৰ্মাণ কৰা হৈছে।

এনিমেছন (ইংৰাজী: Animation) (বা এনিমেশ্যন) হৈছে স্থিৰ চিত্ৰৰ এটা ক্ৰম, যাক বিশেষ প্ৰক্ৰিয়াৰে লক্ষ্য কৰিলে গতিৰ ভ্ৰম সৃষ্টি হয়। সহজ অৰ্থক ইয়াক "চলমান চিত্ৰ" বুলিও ক'ব পাৰি। চলচ্চিত্ৰৰ আৰু এনিমেছনৰ সংজ্ঞা আৰু মূল কাৰিকৰী নীতি একেই। চলচ্চিত্ৰৰ সংজ্ঞাই এনিমেছনকো সাঙুৰি লয়। নিৰ্মাণ প্ৰক্ৰিয়াৰ ভিন্নতা অনুসৰি চলচ্চিত্ৰক জীৱম্ত গতি (live action), বা এনিমেছন এই দুটা বহল ভাগত ভগাব পাৰি। জীৱন্ত গতি চলচ্চিত্ৰ নিৰ্মাণ কৰোঁতে চলমান বস্তু এটাক কেমেৰাৰ সহায়েৰে সময়ৰ ক্ষুদ্ৰ ক্ষুদ্ৰ অন্তৰালত (পাৰম্পৰিকভাৱে ছেকেণ্ডত ২৪ খন) ফটো তোলা হয়। এই ছবিবোৰত চলমান বস্তুটোৰ বিভিন্ন মূহুৰ্তক স্থিৰ চিত্ৰ কৰি পেলোৱা হয়। প্ৰতিখন ছবিকে একোখন 'ফ্ৰেম' বোলা হয়। পাছত প্ৰজেক্টৰৰ সহায়েৰে এই 'ফ্ৰেম' বোৰক ক্ৰম অনুসৰি পৰ্দাত প্ৰক্ষেপণ কৰা হয়। দৃষ্টিৰ জড়তা (Persistence of vision) পৰিঘটনাৰ বাবে আমাৰ চকুৱে সিখনৰ পাছত সিখনকৈ প্ৰক্ষেপিত স্থিৰ চিত্ৰৰ ক্ৰমক গতিৰ ভ্ৰমলৈ ৰূপান্তৰিত কৰে আৰু আমি ছবিখন চলি থকা দেখোঁ। বৰ্তমান কম্পিউটাৰৰ সহায়ত এনিমেছন নিৰ্মাণ কৰাটো এক জনপ্ৰিয় উপায়। (বিতংকৈ পঢ়ক............)