উদ্যোগ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

উদ্যোগ (ইংৰাজী:  Industry) হৈছে কোনো এক অৰ্থনীতি অথবা দেশত হোৱা কোনো সামগ্ৰী নাইবা সেৱাৰ উৎপাদন।[1] কোনো ব্যৱসায়িক প্ৰতিষ্ঠান বা গোটে কৰা আয়ৰ মুখ্য উৎসই ইয়াৰ সৈতে সম্পৰ্কিত উদ্যোগটোকে সূচায়।[2] যেতিয়া কোনো এক বৃহৎ গোটৰ আয়ৰ উৎস বহুকেইটা হয় তেতিয়া সেই গোটটোৱে কেইবাটাও উদ্যোগিক ক্ষেত্ৰত কাম-কাজ চলাই নিয়া বুলি ধৰা হয়। উদাহৰণস্বৰূপে, ৰিয়ালেঞ্চ ঔদ্যোগিক গোটে বহুকেইটা দিশত ব্যাৱসায়িক কাম-কাজ সম্প্ৰসাৰণ কৰিছে আৰু সেয়ে ই যোগাযোগ, জীৱন বীমা, খাৰুৱা তেল আদি বহুকেইটা ঔদ্যোগিক ক্ষেত্ৰৰ সৈতে সম্পৰ্কিত।

শ্ৰেণীবিভাগ[সম্পাদনা কৰক]

সাধাৰণ শ্ৰেণীবিভাগ[সম্পাদনা কৰক]

উদ্যোগসমূহৰ বিভিন্নধৰণে শ্ৰেণীবিভাগ কৰা হয়। ইয়াৰ ভিতৰত তিনি খণ্ডৰ সূত্ৰ বা থ্ৰি-চেক্টৰ থিয়ৰি (three-sector theory) আৰু উৎপাদিত সামগ্ৰীৰ ভিত্তিত কৰা শ্ৰেণীবিভাগেই প্ৰধান।

  1. তিনি খণ্ডৰ সূত্ৰ: অৰ্থনীতিৰ এই সূত্ৰ অনুসাৰে উদ্যোগসমূহক তিনিটা অৰ্থনৈতিক খণ্ড, যথাক্ৰমে প্ৰাথমিক বা আহৰণ খণ্ড, গৌণ বা নিৰ্মাণ খণ্ড আৰু তৃতীয় বা সেৱা খণ্ডত ভগাব পাৰি। কোনো কোনো লেখকে চতুৰ্থ বা জ্ঞান খণ্ড আৰু পঞ্চম বা সংস্কৃতি আৰু গৱেষণা খণ্ডৰ কথাও উল্লেখ কৰিছে।
  2. উৎপাদিত সামগ্ৰী: উৎপাদিত সামগ্ৰীৰ ভিত্তিত উদ্যোগসমূহক বিভিন্ন খণ্ড যেনে নিৰ্মাণ, ৰসায়ন, খাৰুৱা তেল, খাদ্য, ছফটৱেৰ, বস্ত্ৰ, বৈদ্যুতিন আদিত ভগাব পাৰি।

বিত্ত আৰু মাৰ্কেট ৰিচাৰ্ছ আদিৰ ক্ষেত্ৰত বজাৰৰ ভিত্তিত উদ্যোগৰ শ্ৰেণীবিভাজন কৰা হয়।

আন্তঃৰাষ্ট্ৰীয় মানক ঔদ্যোগিক শ্ৰেণীবিভাগ[সম্পাদনা কৰক]

ৰাষ্ট্ৰসংঘৰ পৰিসংখ্যা বিভাগে কৰা আন্তঃৰাষ্ট্ৰীয় মানক ঔদ্যোগিক শ্ৰেণীবিভাগ (ইংৰাজী:  International Standard Industrial Classification) বা চমুকৈ ISIC হৈছে সম্পূৰ্ণ তথা শৃংখলাৱদ্ধ ঔদ্যোগিক শ্ৰেণীবিভাগ।[3]

ঔদ্যোগিক উৎপাদনৰ ভিত্তিত বিশ্বৰ দেশসমূহৰ ক্ৰম[সম্পাদনা কৰক]

আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি আৰু চি আই এ ৱৰ্ল্ড ফেক্টবুকৰ ২০১৫ চনৰ তথ্যৰ ভিত্তিত ঔদ্যোগিক উৎপাদনৰ ক্ৰম অনুসৰি বিশ্বৰ বৃহত্তম ৰাষ্ট্ৰসমূহ
অৰ্থনীতি
ঔদ্যোগিক উৎপাদনৰ ভিত্তিত বিশ্বৰ দেশসমূহ (বিলিয়ন আমেৰিকান ডলাৰ)
(01)  চীন
4,922
(—) সাঁচ:EU
4,162
(02)  মাৰ্কিন যুক্তৰাষ্ট্ৰ
3,752
(03)  জাপান
1,082
(04)  জাৰ্মানী
1,051
(05)  যুক্তৰাজ্য
588
(06)  ভাৰত
559
(07)  দক্ষিণ কোৰিয়া
555
(08)  ফ্ৰান্স
479
(09)  কানাডা
456
(10)  ব্ৰাজিল
453
(11)  মেক্সিকো
448
(12)  ইটালী
440
(13)  ৰাছিয়া
427
(14)  ইন্দোনেছিয়া
408
(15)  চৌদি আৰৱ
387
(16)  অষ্ট্ৰেলিয়া
362
(17)  স্পেইন
312
(18)  সংযুক্ত আৰব আমিৰাত
214
(19)  তুৰ্কী
202
(20)  ছুইজাৰলেণ্ড
184

আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি আৰু চি আই এ ৱৰ্ল্ড ফেক্টবুকৰ ২০১৫ চনৰ তথ্যৰ ভিত্তিত ঔদ্যোগিক উৎপাদন অনুসৰি বিশ্বৰ ২০ খন দেশ


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

সহায়ক গ্ৰন্থ[সম্পাদনা কৰক]

  • Krahn, Harvey J., and Graham S. Lowe. Work, Industry, and Canadian Society. Second ed. Scarborough, Ont.: Nelson Canada, 1993. xii, 430 p. ISBN 0-17-603540-0