২৮ ছেপ্টেম্বৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
  1. ১৯২৮ চনৰ আজিৰ দিনটোতে বিজ্ঞানী আলেকজেণ্ডাৰ ফ্লেমিঙে পেনিচিলিন আৱিষ্কাৰ কৰে ।
  2. ১৮৩৮ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ধৰ্মগুৰু ছাইবাবাৰ জন্ম হয় ।
  3. ১৯৮২ চনৰ আজিৰ দিনটোতে অভিনৱ সিং বিন্দ্ৰাৰ জন্ম হয় ।
  4. ১৯২৯ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে নাইটিংগেল লতা মংগেশকাৰৰ জন্ম হয় ।
  5. ২০০৪ চনৰ আজিৰ দিনটোতে ইংৰাজী ভাষাৰ প্ৰখ্যাত ভাৰতীয় সাহিত্যিক মুলকৰাজ আনন্দৰ মৃত্য হয় ।
  6. ১৮৩৮ চনৰ আজিৰ দিনটোতে ৬২ বছৰ বয়সত বাহাদুৰ শ্বাহে মোগল সিংহাসন আৰোহণ কৰে । উল্লেখ্য যে শেষৰজন মোগল সম্ৰাট বাহাদুৰ শ্বাহে চিপাহী বিদ্ৰোহত অভিযুক্ত হৈ মৃত্যুবৰণ কৰিবলগীয়া হয় ।
  7. ১১০৬ চনৰ আজিৰ দিনটোতে ইংলেণ্ডৰ ৰজা প্ৰথম হেনৰীৰ নৰ্মাণ্ডি অধিকাৰ হয়। ইংলেণ্ড আৰু নৰ্মাণ্ডিৰ পুনৰ একত্ৰীকৰণ হয়।
  8. প্ৰখ্যাত ফৰাচী ঔপন্যাসিক প্ৰছপাৰ মেৰিমৰ জন্ম হয় ১৮০৩ আজিৰ দিনটোতে। কলম্বো আৰু কাৰমেন তেওঁৰ দুখন অনবদ্য উপন্যাস।
  9. ফৰাচী বিজ্ঞানী লুই পেষ্টিউৰৰ মৃত্যু হয় ১৮৯৫ চনৰ আজিৰ দিনটোতে।
  10. প্ৰথম বিশ্বযুদ্ধত ছাৰ্বিয়ানৰ হাতত বুলগেৰিয়াৰ সীমান্তত পৰাজয়ৰ পাছত বুলগেৰিয়াই ১৯১৮ বৰ্ষৰ আজিৰ তাৰিখতে আত্মসমৰ্পন কৰে ।