২০ আগষ্ট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(আগষ্ট ২০ৰ পৰা পুনঃনিৰ্দেশিত)

২০ আগষ্ট দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ২৩২ তম (অধিবৰ্ষত ২৩৩ তম) দিন। বছৰটো শেষ হ’বলৈ আজিৰ পৰা মুঠ ১৩৩ টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

জন্ম[সম্পাদনা কৰক]

  1. ১৯০১ চনৰ আজিৰ দিনটোতে ইটালীৰ কোৱাশ্বিমোডোৰ জন্ম হয়। ১৯৫৯ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল ।
  2. ১৯৪৪ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীৰ জন্ম হয় ।
  3. ১৯৩৪ চনৰ আজিৰ দিনটোতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক, শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰাক্তন উপ-পদাধিকাৰ ভৱপ্ৰসাদ চলিহাদেৱৰ জন্ম হৈছিল ৷
  4. ১৯৬০ চনৰ আজিৰ দিনটোতে অসমীয়া সাহিত্য জগতৰ এগৰাকী কবি, ঔপন্যাসিক আৰু সাহিত্য অকাডেমি বঁটা বিজয়ী লেখিকা (‘‘মাকাম’’ৰ স্ৰষ্টা) ড° ৰীতা চৌধুৰীৰ জন্ম হৈছিল ।

অনান্য[সম্পাদনা কৰক]

  1. ১৯৭৪ চনৰ আজিৰ তাৰিখতে ফখৰুদ্দিন আলি আহমেদ ভাৰতৰ সৰ্বোচ্চ পদবী ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হয় ।
  2. ১৮২৮ চনৰ আজিৰ দিনটোতে কলকতাত ব্ৰাহ্ম সমাজ প্ৰতিষ্ঠা হয় ।
  3. ১৮৯৭ চনত আজিৰ দিনটোতে ইংৰাজ বিজ্ঞানী ছাৰ ৰনাল্ড ৰছে মেলেৰিয়া ৰোগৰ বীজাণু যে মহৰ দ্বাৰা সংক্ৰমিত হয় সেই কথা আৱিষ্কাৰ কৰে ।
  4. ১৯৯১ চনৰ আজিৰ দিনটোতে এষ্টোনিয়াই পূৰ্ণ স্বাধীনতা লাভ কৰে ।

দিৱস[সম্পাদনা কৰক]

  1. আজি সদ্ভাৱনা দিৱস।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]