১৯ জুন

অসমীয়া ৱিকিপিডিয়াৰ পৰা


১৯ জুন গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰি বছৰৰ ১৭০ তম (অধিবৰ্ষত ১৭১ তম) দিনবুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল -

(১) পূব-কামৰূপ বনবিভাগৰ অন্তৰ্গত আমচোং বনাঞ্চলক ২০০৪ চনৰ ১৯ জুন তাৰিখে বন্যপ্ৰাণী অভয়াৰণ্যৰ স্বীকৃতি প্ৰদান কৰা হয় ৷

(২) ১৯৮১ বৰ্ষত ভাৰতৰ প্ৰথম ভূ-সমলয় পৰীক্ষামূলক যোগাযোগ উপগ্ৰহ এপল’ ফ্ৰান্সৰ গুৱেনাৰ কুৰুৰ পৰা সফলতাৰে উপেক্ষণ কৰা হৈছিল আজিৰ দিনটোতে ৷

(৩) ১৯৪৭ চনৰ আজিৰ দিনটোত ভাৰতীয় বংশোদ্ভৱ ইংৰাজ লেখক ছলমান ৰুশ্বদীমুম্বাইত জন্ম হৈছিল ৷

(৪) চীনৰ কমিনিউষ্ট মাও জে দঙ-এ চেণ্ট্ৰেল কমিটিৰ প্ৰথম সভাপতি নিৰ্বাচিত হৈছিল ১৯ জুন তাৰিখে (১৯৪৫ বৰ্ষ)৷

(৫) প্ৰসিদ্ধ ফৰাচী গণিজ্ঞ ব্লেইজ পাস্কেলৰ আজি জন্মদিন (১৬২৩ বৰ্ষ)৷



বাহ্যিক সংযোগ[সম্পাদনা কৰক]