১৩ আগষ্ট

অসমীয়া ৱিকিপিডিয়াৰ পৰা

১৩ আগষ্ট দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ২২৫ তম (অধিবৰ্ষত ২২৬ তম) দিন। বছৰটো শেষ হ’বলৈ এইপৰা মুঠ ১৪০ টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

জন্ম[সম্পাদনা কৰক]

  1. ১৮৭২ চনৰ এই দিনটোতে প্ৰখ্যাত জাৰ্মান বিজ্ঞানী ৰিকাৰ্ড মাৰ্টিন ৱিলষ্টাটটাৰৰ জন্ম হয় । তেওঁ ৰসায়ন বিজ্ঞানৰ নোবেল লাভ কৰিছিল ১৯১৫ চনত।
  2. ১৮৮৮ চনৰ এই দিনটোতে টেলিভিছনৰ আৱিষ্কাৰক জন লোগী বেয়াৰ্ডৰ জন্ম হয় ।
  3. ১৯১২ চনৰ এই দিনটোতে নোবেল বঁটা বিজয়ী মাৰ্কিন চিকিৎসক ছালডোভাৰ এডৱাৰ্ড লুৰিয়াৰ জন্ম হয় ।
  4. ১৯১৮ চনৰ এই দিনটোতে ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা (১৯৫৮ বৰ্ষৰ) বিজয়ী ব্ৰিটিছ ৰসায়নবিদ ফ্ৰেডৰিক ছেংগাৰৰ জন্ম হয় ।
  5. ১৯২৭ চনৰ এই দিনটোতে কিউবাৰ বিপ্লৱী নেতা জননায়ক ফিডেল কাষ্ট্ৰোৰ জন্ম হয় ।

মৃত্যু[সম্পাদনা কৰক]

  1. ১৮৯১ চনৰ এই দিনটোতে ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ কৰাৰ অপৰাধত মণিপুৰৰ সেনাপতি টিকেন্দ্ৰজিৎসহ আন দুজনক ইংৰাজে ফাঁচী দিয়ে ।
  2. ১৯১০ চনৰ এই দিনটোতে ইংৰাজ শুশ্ৰূষাকাৰী ফ্লোৰেন্স নাইটিংগেলৰ মৃত্যু হয়৷
  3. ২০০০ চনৰ এই দিনটোতে প্ৰখ্যাত গায়িকা নাজিয়া তাছানৰ মৃত্যু হয় ।
  4. ২০০৩ বৰ্ষৰ এই দিনটোতে যশস্বী ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ আৰু বোলছবি পৰিচালক ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ মৃত্যু হৈছিল৷

অনান্য[সম্পাদনা কৰক]

  1. ১৯৫৬ চনৰ এই দিনটোতে লোকসভাত ৰাষ্ট্ৰীয় ঘাইপথ বিধেয়ক গৃহীত হয় ।
  2. ২০০৪ চনৰ এই দিনটোতে গ্ৰীচৰ এথেন্সত ২৮ তম অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ হয় ।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]