৮ জুলাই

অসমীয়া ৱিকিপিডিয়াৰ পৰা

৮ জুলাই (ইংৰাজী: 8 July) গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰি বছৰৰ ১৮৯তম (অধিবৰ্ষত ১৯০ তম) দিনবুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল -

জন্ম[সম্পাদনা কৰক]

  1. ১৯২৭ চনৰ আজিৰ দিনটোতে এজন মহান অসমীয়া সাহিত্যিক, সাংবাদিক , শিক্ষাবিদ আমাৰ মাজত মহাৰথী ৰূপে পৰিচিত চন্দ্ৰপ্ৰসাদ শইকীয়াৰ জন্ম হৈছিল শিৱসাগৰৰ আমগুৰি মৌজাৰ জালুকগাঁৱত ।
  2. ১৯২৮ চনৰ আজিৰ দিনত সত্ৰীয়া নৃত্যশিল্পী ৰসেশ্বৰ শইকীয়া বৰবায়নৰ জন্ম হয়।
  3. পদাৰ্থ বিজ্ঞানৰ নোবেল বিজয়ী ৰাছিয়ান বিজ্ঞানী কপিটজাৰৰ জন্ম হৈছিল ১৮৯৪ বৰ্ষৰ আজিৰ দিনটোতে ৷
  4. ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ অধিনায়ক, ভাৰতৰ সফলতম টেষ্ট ক্ৰিকেট অধিনায়ক সৌৰভ চণ্ডীদাস গঙ্গোপাধ্যায় (চমুকৈ - সৌৰভ গাঙ্গুলি)ৰ জন্ম হৈছিল ১৯৭২ চনৰ আজিৰ দিনটোতে, কলকাতাত ৷

মৃত্যু[সম্পাদনা কৰক]

  1. বিশিষ্ট অভিনেতা শিল্পী তথা আবৃত্তিকাৰ ঈশান বৰুৱাৰ মৃত্যু হয় ২০০৬ বৰ্ষৰ আজিৰ দিনটোতে।
  2. ২০০৭ চনৰ আজিৰ দিনটোতে ভাৰতবৰ্ষৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী চন্দ্ৰশেখৰৰ মৃত্যু হয় । এখেত ভাৰতবৰ্ষৰ নৱম গৰাকী প্ৰধানমন্ত্ৰী আছিল । ১০ নৱেম্বৰ ১৯৯০ তাৰিখৰ পৰা ২১ জুন ১৯৯১ তাৰিখলৈ তেখেতে প্ৰধানমন্ত্ৰী ৰূপে কাৰ্যনিবাহ কৰিছিল ।
  3. ১৬৯৫ চনৰ আজিৰ দিনটোতে নেদাৰলেণ্ডছৰ গণিতজ্ঞ, পদাৰ্থবিদ খ্ৰীষ্টিয়ান হাইজেন্সৰ মৃত্যু হয় । হাইজেন্সে ১৬৫৭ চনত প্ৰথম পেণ্ডুলাম ঘড়ী সাজি উলিয়ায়।
  4. ৰোমাণ্টিক কবি শ্বেলীৰ মৃত্যু হয় ১৮২২ চনৰ আজিৰ দিনটোতে ।

অনান্য[সম্পাদনা কৰক]

  1. ২০১২ চনৰ আজিৰ দিনটোতে অসমৰ ভয়াবহ বানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে অসমলৈ ২২৮৩.১৪ কোটি টকা বান সাহায্য প্ৰদান কৰে । ।
  2. ২০০৪ চনত কেন্দ্ৰত পুনৰ ইউপিএ চৰকাৰে ক্ষমতা লাভ কৰাৰ পিছত প্ৰথমবাৰ কেন্দ্ৰীয় সাধাৰণ বাজেট উত্থাপন কৰে ২০০৪ চনৰ আজিৰ দিনটোতে ।
  3. বিশ্বৰ সৰ্বববৃহৎ কৃত্ৰিম বান্ধ তথা পঞ্জাবৰ ভাংক্ৰা নাংগল জলবিদ্যুৎ প্ৰকল্প তৎকালীন ভাৱে মুকলি হয় ১৯৫৪ চনৰ আজিৰ দিনটোতে।
  4. সৌৰশক্তিৰে চালিত প্ৰথমখন বিমান ‘‘ছানছিকাৰ’’এ প্ৰথমটো উৰণ সম্পন্ন কৰিছিল ১৯৯০ চনৰ আজিৰ দিনটোতে ৷ বিমানখন নিৰ্মাণ কৰা হৈছিল কেলিফ’ৰ্ণিয়াত আৰু ইয়াৰ ওজন আছিল ৩ কুইণ্টল ৮০কিঃগ্ৰাঃ ৷
  5. ২০০৩ চনৰ আজিৰ দিনটোতে ছুডানত সংঘটিত এক ভয়াবহ বিমান দুৰ্ঘটনাত প্ৰায় ১১৬ জন যাত্ৰী নিহত হয় ।
  6. বিশ্বৰ প্ৰসিদ্ধ সংবাদ-পত্ৰ ‘ৱাল ষ্ট্ৰীল জাৰ্নেল’ প্ৰকাশিত হয় ১৮৮৯ চনৰ আজিৰ দিনটোতে ।
  7. ২০১১ চনৰ আজিৰ দিনটোতে পাকিস্তানী তালিবানীক নিষিদ্ধ ঘোষণা কৰিলে কানাডাই ।
  8. ২০১২ চনৰ আজিৰ দিনটোতে ইণ্ডিয়ান মুজাহিদীনক ইংলেণ্ডে নিষিদ্ধ ঘোষণা কৰে ।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]