ম্যানমাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Republic of the Union of Myanmar
ပြည်ထောင်စု သမ္မတ မြန်မာနိုင်ငံတော်
ৰাষ্ট্ৰীয় সঙ্গীত
Kaba Ma Kyei
Till the End of the World

Burma-ৰ অৱস্থান
 ম্যানমাৰৰ অৱস্থান  (green)

in ASEAN  (dark grey)  —  [Legend]

ৰাজধানী Naypyidawa
19°45′N 96°6′E / 19.75°N 96.1°E / 19.75; 96.1
বৃহত্তম নগৰ য়াঙ্গুন (ৰেংগুন)
ৰাষ্ট্ৰভাষা (সমূহ) বাৰ্মীজ
স্বীকৃত আঞ্চলিক ভাষাসমূহ Script error: No such module "unbulleted list".
Official scripts Burmese script
জনগোষ্ঠীসমূহ 
জাতীয়তাসূচক বিশেষণ Burmese / Myanma
চৰকাৰ Unitary presidential constitutional republic
 -  ৰাষ্ট্ৰপতি Thein Sein
 -  উপ-ৰাষ্ট্ৰপতি
গঠন
 -  Pagan Dynasty 23 December 849 
 -  Toungoo Dynasty 16 October 1510 
 -  Konbaung Dynasty 29 February 1752 
 -  স্বাধীনতা
(যুক্তৰাষ্ট্ৰৰ পৰা)
4 January 1948 
 -  Coup d'état ২ মাৰ্চ, ১৯৬২ 
 -  নতুন সংবিধান 30 March 2011 
মাটিকালি
 -  মুঠ 676 বৰ্গ কিমি (40th)
261 বৰ্গ মাইল 
 -  জলভাগ (%) 3.06
জনসংখ্যা
 -  2010 আনুমানিক 60,280,000[1] (24thUNIQ--nowiki-00000004-QINU2UNIQ--nowiki-00000005-QINU)
 -  1983 লোকপিয়ল 33,234,000 
জিডিপি (পিপিপি) 2012 আনুমানিক
 -  মুঠ $89.461 billion[3] 
 -  জনমুৰি $1,405[3] 
জিডিপি (নামমাত্ৰ) 2012 আনুমানিক
 -  মুঠ $53.140 billion[3] 
 -  জনমুৰি $854[3] 
মানৱ উন্নয়ন সূচক (2012) 0.498 (149th)
মুদ্ৰা Kyat (K) (MMK)
সময় স্থান MST (ইউটিচি+06:30)
গাড়ী চলোৱা হয় rightb
ISO 3166 code MM
ইণ্টাৰনেট টিএলডি .mm
কলিং ক'ড ++95

ম্যানমাৰ (ইংৰাজী: Myanmar) হৈছে দক্ষিণ-পূৱ এছিয়াৰ এখন স্বাধীন ৰাষ্ট্ৰ। ম্যানমাৰ দেশৰ অন্য এক নাম হৈছে বাৰ্মা। Republic of the Union of Myanmar হৈছে এই দেশৰ চৰকাৰী নাম।[4] কোনো কোনো ৰাষ্ট্ৰই এই দেশক Union of Burma বুলিও কয়। চীন, থাইলেণ্ড, ভাৰত, লাওচ আৰু বাংলাদেশ ম্যানমাৰৰ সীমান্তৱৰ্তী ৰাষ্ট্ৰ। ম্যানমাৰৰ সৰ্বমুঠ চাৰিসীমাৰ ১,৯৩০ কিল'মিটাৰ (১,২০০ মাইল) অংশ হৈছে বংগোপসাগৰ আৰু আন্দামান সাগৰৰ তীৰ অঞ্চল। প্ৰায় ৬০ মিলিয়ন জনসংখ্যাৰে ম্যানমাৰ জনসংখ্যাৰ ফালৰপৰা পৃথিৱীৰ ভিতৰত চতুৰ্দ্বিংশ স্থানত আছে।[1] ম্যানমাৰৰ মুঠ মাটিকালি হৈছে ৬.৭৬,৫৭৮ বৰ্গকিল'মিটাৰ আৰু মাটিকালিৰ ভিত্তিত ম্যানমাৰ হৈছে পৃথিৱীত চল্লিশতম বৃহৎ ৰাষ্ট্ৰ। দক্ষিণ-পূৱ এছিয়াৰ ভিতৰত মাটিকালিৰ ভিত্তিত ম্যানমাৰ দ্বিতীয় বৃহৎ ৰাষ্ট্ৰ।

১৯৬২ চনৰপৰা ২০১১ চনলৈকে ম্যানমাৰ সৈনিক শাসনৰ অধীনত আছিল। ৰাষ্ট্ৰসংঘ আৰু অন্য বহুতো সংস্থাই এই সময়চোৱাত ম্যানমাৰত বিভিন্ন ধৰনে মানৱাধিকাৰৰ উলংঘন হোৱা বুলি অভিযোগ কৰিছে।[5][6][7] শিশুক সৈন্য হিচাপে ব্যৱহাৰ, ধৰ্ষণ, শিশু শ্ৰমিকৰ ব্যৱহাৰ, মানৱ দেহৰ ব্যৱসায়, দাসত্ব, বাক-স্বাধীনতাৰ উলংঘন ইত্যাদি হৈছে এই সময়চোৱাত ম্যানমাৰৰ ওপৰত একে সংস্থাবিলাকে অনা কিছু অভিযোগ। ২০১০ চনত ম্যানমাৰৰ বিখ্যাত মানৱাধিকাৰ কৰ্মী আঙ-চান-চ্যু-কিৰ মুক্তিৰ পিছৰেপৰাই এই ৰাষ্ট্ৰই বিশ্বৰ বাকী ৰাষ্ট্ৰসমূহৰ লগত সম্পৰ্কৰ উন্নতি ঘটাবলৈ সক্ষম হৈছে। ইউৰোপীয়ান ইউনিয়ন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই ম্যানমাৰৰ ওপৰত প্ৰয়োগ কৰা বিভিন্ন অৰ্থনৈতিক বাধা-নিষেধো এতিয়া উঠাই লৈছে।[8][9]মুক্তা, তেল আৰু প্ৰাকৃতিক গেছ তথা অন্যান্য খনিজ সামগ্ৰী হৈছে ম্যানমাৰৰ প্ৰাকৃতিক সম্পদ। ২০১১ চনৰ তথ্যমতে ম্যানমাৰৰ ৰষ্ট্ৰীয় উৎপাদন আছিল ৮২.৭ বিলিয়ন মাৰ্কিন ডলাৰ আৰু ৰাষ্ট্ৰীয় উন্নয়নৰ হাৰ আছিল ৫.৫%।[10]

২০১৩ চনত বিভিন্ন সংস্থাৰ প্ৰতিবেদন মতে ম্যানমাৰ কৰ্তৃপক্ষই পশ্চিম ম্যানমাৰৰ পৰা তাৰ সংখ্যালঘু ৰহিঙীয়া সকলক উচ্ছেদ কৰা আৰম্ভ কৰিছে। ইয়াৰ পৰিণামস্বৰূপে বহুতো ৰহিঙীয়া শৰনাৰ্থীয়ে ম্যানমাৰ পৰিত্যাগ কৰি চুবুৰীয়া বাংলাদেশ আৰু থাইলেণ্ডলৈ পলায়ন কৰিছে।[11][12]

নামৰ উৎপত্তি[সম্পাদনা কৰক]

১৯৮৯ চনত ইয়াৰ সৈনিক প্ৰশাসনে দেশৰ বিভিন্ন ঠাইৰ নাম পুৰণা ঔপনিৱেশিক শাসনে প্ৰচলন কৰা নামৰপৰা সলনি কৰা আৰম্ভ কৰে। এই প্ৰক্ৰিয়াত প্ৰশাসনে বাৰ্মা নামটোৰ ঠাইত দেশখনৰ নাম ম্যানমাৰ বুলি নামাকৰন কৰে। কিন্তু এই পুনঃ নামাকৰনৰ বিষয়টো এতিয়াও বিতৰ্কিত[13]। দেশৰ বহুতো ৰাজনৈতিক আৰু জাতীয় বিৰোধী দলে এতিয়াও বাৰ্মা নামটোৰে ব্যৱহাৰ কৰে[14], এওঁলোকৰ মতে সৈনিক প্ৰশাসনৰ দেশখনৰ পুনঃ নামাকৰন কৰাৰ কোনো অধিকাৰ নাই। এই দেশৰ চৰকাৰী নাম হৈছে Republic of the Union of Myanmar (বাৰ্মীজ: ပြည်ထောင်စု သမ္မတ မြန်မာနိုင်ငံတော်, Pyidaunzu Thanmăda Myăma Nainngandaw), কিন্তু কিছু ৰাষ্ট্ৰই এই নামটো গ্ৰহণ কৰা নাই আৰু ইয়াৰ পৰিৱৰ্তে এই ৰাষ্ট্ৰ সমূহে Union of Burma নামটোৰ ব্যৱহাৰ কৰে।[10][15]

ইংৰাজীত এই দেশখনক বাৰ্মা আৰু ম্যানমাৰ, দুয়োটা নামেৰেই জনা যায়। এই দুয়োটা নামেই আহিছে দেশখনৰ সংখ্যাগৰিষ্ঠ বামাৰ জনগোষ্ঠীৰ নামৰপৰা। ম্যানমাৰ শব্দটো আহিছে এই জনগোষ্ঠীৰ লিখিত নামৰপৰা, আনহাতে বাৰ্মা নামটো আহিছে এই জনগোষ্টীৰ কথিত বামাৰ নামটোৰ পৰা। কথনশৈলীৰ ওপৰত ভিত্তি কৰি ইয়াৰ দুটা উচ্চাৰণ আছে, এটা হৈছে বামা আৰু আনটো হৈছে ম্যানমাঃ। বাৰ্মা নামটো ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ সময়ৰেপৰা প্ৰচলিত।

ইংৰাজ যুক্তৰাজ্য আৰু কানাডাকে ধৰি অন্যান্য বহুতো দেশে বাৰ্মা নামটোৰে ব্যৱহাৰ কৰে।[16] আমেৰিকা যুক্তৰাজ্যই বাৰ্মা নামটোৰে ব্যৱহাৰ কৰে যদিও আমেৰিকাৰ গৃহ বিভাগৰ ৱেবচাইটত বাৰ্মা(ম্যানমাৰ) বুলি উল্লেখ আছে, আৰু বাৰাক ওবামাই এই ৰাষ্ট্ৰক ম্যানমাৰ বুলি উল্লেখ কৰিছে।[17][18][19] ৰাষ্ট্ৰসংঘ, দক্ষিণ-পূৱ এছীয় ৰাষ্ট্ৰসংঘ, ৰাছিয়া, ফ্ৰান্স[20], জাৰ্মানী[21], চীন, ভাৰত, নৰৱে[22], অষ্ট্ৰেলিয়া[23] আৰু জাপানে[16] ম্যানমাৰ নামটো ব্যৱহাৰ কৰে। এই দেশক অন্যান্য নামেৰেও জনা যায়, যেনে- স্পেইন আৰু ইটালীত বিৰ্মানিয়া, ব্ৰাজিলত মিয়ানমাৰ[24] ইত্যাদি।

বুৰঞ্জী[সম্পাদনা কৰক]

দক্ষিণ-পূৱ এছিয়াৰ কিছুমান প্ৰাথমিক স্তৰৰ সভ্যতা ম্যানমাৰত বিকশিত হৈছিল, যেনে প্যু আৰু মন[25]। নানঝাও ৰাজ্যৰ বাৰ্মান সকলে খ্ৰীষ্টীয় নৱম শতিকাত ইৰাৱতী নদীৰ উজনিৰ উপত্যকাত প্ৰৱেশ কৰে। ১০৫০-অৰ দশকত এই ভূখণ্ডত পাগান সাম্ৰাজ্যৰ প্ৰতিষ্ঠাৰ পিছত লাহে লাহে বাৰ্মিজ ভাষা আৰু সংস্কৃতিয়ে এই অঞ্চলত প্ৰাধান্য লাভ কৰে। বৌদ্ধ ধৰ্মৰ ঠেৰাৱড় পন্থা লাহে লাহে এই অঞ্চলৰ প্ৰধান ধৰ্ম হৈ পৰে। ১২৭৭-১৩০১ চন সময়ছোৱাত হোৱা মংগোল আক্ৰমণত পাগান সাম্ৰাজ্যৰ পতন হয় আৰু তাৰ ঠাইত বহুসংখ্যক ৰাজ্যৰ সৃষ্টি হয় আৰু এই ৰাজ্য বিলাকে নিজৰ মাজতে যুদ্ধ বিগ্ৰহ কৰাত ব্যস্ত হৈ পৰে। টাউংগু বংশই এই ৰাজ্য সমূহক পুনৰ একগোট কৰিবলৈ সক্ষম হয় আৰু তাৰ পিছৰ কিছু সময়লৈকে এই সাম্ৰাজ্য খন দক্ষিণ-পূৱ এছিয়াৰ বুৰঞ্জীত সৰ্ববৃহৎ[26] বুলি পৰিগণিত হোৱা সাম্ৰাজ্য হৈ থাকে। উনবিংশ শতিকাৰ আৰম্ভনিৰ সময়ছোৱাত কনবাউঙ বংশই আজিৰ ম্যানমাৰ, মণিপুৰ আৰু অসমৰ কিছু অংশ সামৰা এক অঞ্চলত শাসন কৰে। ১৯৪৮ চনত ম্যানমাৰে স্বাধীনতা লাভ কৰাৰ পিছৰেপৰা ইয়াত বাস কৰা জনগোষ্ঠী বিলাকৰ মাজত এক সুদীৰ্ঘ গৃহযুদ্ধ চলি আহিছে যাৰ আজিও মীমাংসা হোৱা নাই। ১৯৬২ চনৰপৰা ২০১১ চনলৈকে ম্যানমাৰত সামৰিক শাসন আছিল। ২০১০ চনত হোৱা সাধাৰন নিৰ্বাচনৰ পিছত ম্যানমাৰৰ জুনতা প্ৰশাসনক ২০১১ চনত ক্ষমতাচ্যুত কৰা হয়। তাৰ পিছত ম্যানমাৰত এক জনতা চৰকাৰ প্ৰতিষ্ঠা কৰা হয়। তথাপিও ম্যানমাৰৰ প্ৰশাসনত সামৰিক বাহিনীয়ে এক বৃহৎ প্ৰভূত্ব বজাই ৰাখিছে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 "Asian Development Bank and Myanmar: Fact Sheet". Asian Development Bank. 30 April 2012. http://www.adb.org/Documents/Fact_Sheets/MYA.pdf। আহৰণ কৰা হৈছে: 2012-11-20. 
  2. "The World Factbook". Cia.gov. https://www.cia.gov/library/publications/the-world-factbook/rankorder/2119rank.html?countryName=Burma&countryCode=bm&regionCode=eas&rank=24#bm। আহৰণ কৰা হৈছে: 2013-07-06. 
  3. 3.0 3.1 3.2 3.3 "Burma (Myanmar)". International Monetary Fund. http://www.imf.org/external/pubs/ft/weo/2013/01/weodata/weorept.aspx?sy=2011&ey=2013&scsm=1&ssd=1&sort=country&ds=.&br=1&pr1.x=55&pr1.y=18&c=518&s=NGDPD%2CNGDPDPC%2CPPPGDP%2CPPPPC%2CLP&grp=0&a=। আহৰণ কৰা হৈছে: April 2013. 
  4. Ammon, Ulrich (2004). Sociolinguistics: An International Handbook of the Science of Language and Society. Volume 3/3 (2nd সম্পাদনা). Walter de Gruyter. পৃষ্ঠা. 2012. ISBN 3-11-018418-4. http://books.google.com/?id=LMZm0w0k1c4C&pg=PA2012। আহৰণ কৰা হৈছে: 23 May 2013. 
  5. "Burma". Hrw.org. http://www.hrw.org/burma। আহৰণ কৰা হৈছে: 2013-07-06. 
  6. "Myanmar Human Rights | Amnesty International USA". Amnestyusa.org. http://www.amnestyusa.org/our-work/countries/asia-and-the-pacific/myanmar। আহৰণ কৰা হৈছে: 2013-07-06. 
  7. "World Report 2012: Burma | Human Rights Watch". Hrw.org. http://www.hrw.org/world-report-2012/world-report-2012-burma। আহৰণ কৰা হৈছে: 2013-07-06. 
  8. Aamer Madhani (16 November 2012). "Obama administration eases Burma sanctions before visit". USA Today. http://www.usatoday.com/story/theoval/2012/11/16/obama-lifts-sanctions-burma-visit/1710253/। আহৰণ কৰা হৈছে: 15 May 2013. 
  9. Thomas Fuller; Paul Geitner (23 April 2012). "European Union Suspends Most Myanmar Sanctions". The New York Times. http://www.nytimes.com/2012/04/24/world/asia/eu-suspends-sanctions-on-myanmar.html. 
  10. 10.0 10.1 "Burma". The World Factbook. Central Intelligence Agency. https://www.cia.gov/library/publications/the-world-factbook/geos/bm.html। আহৰণ কৰা হৈছে: 18 November 2012. 
  11. "Rights group accuses Myanmar of 'ethnic cleansing'". CNN.com. http://www.cnn.com/2013/04/22/world/asia/myanmar-rohingya-report। আহৰণ কৰা হৈছে: 2013-07-06. 
  12. Phil Robertson, deputy Asia director (2013-04-22). "Burma: End ‘Ethnic Cleansing’ of Rohingya Muslims | Human Rights Watch". Hrw.org. http://www.hrw.org/news/2013/04/22/burma-end-ethnic-cleansing-rohingya-muslims। আহৰণ কৰা হৈছে: 2013-07-06. 
  13. Houtman, Gustaaf (1999). Mental culture in Burmese crisis politics. ILCAA Study of Languages and Cultures of Asia and Africa Monograph Series No. 33. Institute for the Study of Languages and Cultures of Asia and Africa. পৃষ্ঠা. 43–47. ISBN 978-4-87297-748-6. http://books.google.co.uk/books?id=bV3shLzx0B4C&lpg=PP1&dq=mental%20culture%20in%20burmese%20crisis%20politics&hl=it&pg=PR1#v=onepage&q=myanmar&f=false. 
  14. Steinberg, David I. (February 2002). Burma: The State of Myanmar. Georgetown University Press. পৃষ্ঠা. xi. 
  15. "Government of the Union of Burma". http://www.ncgub.net/। আহৰণ কৰা হৈছে: 3 May 2012. 
  16. 16.0 16.1 Dittmer, Lowell (2010). Burma Or Myanmar? The Struggle for National Identity. World Scientific. পৃষ্ঠা. 2. http://books.google.co.uk/books?id=aoHP2Q2I1p4C&lpg=PA103&ots=C9AfQULR5Q&dq=9789814313643&pg=PA2. 
  17. "Burma or Myanmar? Obama calls it both on visit" (News and blogging). Asian Correspondent. Associated Press (Bristol, England: Hybrid News Limited). 19 November 2012. http://asiancorrespondent.com/92211/burma-or-myanmar-obama-calls-it-both-on-visit//। আহৰণ কৰা হৈছে: 19 November 2012. "Yangon, Burma (AP) — Officially at least, America still calls this Southeast Asian nation Burma, the favored appellation of dissidents and pro-democracy activists who opposed the former military junta's move to summarily change its name 23 years ago." 
  18. "Hosting Burma’s Leader, Obama Repeatedly Calls the Country ‘Myanmar’". CNS News. 21 May 2013. http://cnsnews.com/news/article/hosting-burma-s-leader-obama-repeatedly-calls-country-myanmar। আহৰণ কৰা হৈছে: 30 July 2013. 
  19. http://travel.state.gov/travel/cis_pa_tw/cis/cis_1077.html
  20. "Should it be Burma or Myanmar?". BBC News. 26 September 2007. http://news.bbc.co.uk/2/hi/uk_news/magazine/7013943.stm। আহৰণ কৰা হৈছে: 2 August 2013. 
  21. "Burma vs. Myanmar: What's in a Name". DW. 1 September 2007. http://www.dw.de/burma-vs-myanmar-whats-in-a-name/a-2804762। আহৰণ কৰা হৈছে: 2 August 2013. 
  22. Mudditt, Jassica (19 November 2012). "Burma or Myanmar: Will the US make the switch?". http://www.mmtimes.com/index.php/special-features/153-sanctions-to-sucess/3187-burma-or-myanmar-will-the-us-make-the-switch.html। আহৰণ কৰা হৈছে: 2 August 2013. 
  23. "Myanmar country brief". http://www.dfat.gov.au/geo/myanmar/myanmar_brief.html। আহৰণ কৰা হৈছে: 30 July 2013. 
  24. "Sala de Imprensa: Situação em Mianmar". Institutional website (Itamaraty). 27 September 2007. http://www.itamaraty.gov.br/sala-de-imprensa/notas-a-imprensa/2007/09/27/situacao-em-mianmar/। আহৰণ কৰা হৈছে: 2 April 2012. 
  25. Dougald JW O'Reilly (2007). Early civilizations of Southeast Asia. প্ৰকাশক United Kingdom: Altamira Press. ISBN 0-7591-0279-1. 
  26. Lieberman 2003: 152

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

Government
General information
Economy


স্থানাংক: 22°N 96°E / 22°N 96°E / 22; 96