ৱিকিপিডিয়া:ইতিবৃত্ত

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ৱিকিপিডিয়া (Listeni/ˌwɪkɨˈpdi.ə/ বা Listeni/ˌwɪkiˈpdi.ə/ wik-i-pee-dee-ə) হৈছে অব্যৱসায়ীক ৱিকিমিডিয়া ফাউণ্ডেশ্যন সমৰ্থিত এখন মুক্ত, ৱেব-ভিত্তিক, সহযোগীতামূলক, বহুভাষিক বিশ্বকোষ প্ৰকল্প।

অসমীয়া গণবিশ্বকোষ (Assamese Open Content Wikipedia) হৈছে ৱিকিপিডিয়া বৃহত্তৰ প্ৰকল্পৰ এক অংশ। এই প্ৰকল্পৰ উদ্দেশ্য হৈছে পৃথিবীৰ বিভিন্ন ভাষাত সকলোৱে বিনামূল্যে ব্যৱহাৰ কৰিব পৰা বিশ্বকোষ প্ৰস্তুত কৰা। সাৰ্বজনীন চফ্টৱেৰে আৰু কন্টেন্ট আন্দোলনৰ (open source software and content movement) ব্যাপক জনসমৰ্থন আৰু সুফলৰ এক উৎকৃষ্ট উদাহৰণস্বৰুপ এই গণবিশ্বকোষৰ ২০০১ চনত আৰম্ভ হোৱা ইংৰাজী সংকলনটোত বৰ্তমান প্ৰায় ৫ লাখতৈকও অধিক উৎকৃষ্ট মানৰ প্ৰবন্ধ আছে। ইয়াৰেই অনুকৰণ কৰি ভগ্নী প্ৰকল্প হিচাবে সৃষ্টি কৰা প্ৰায় শতাধিক পৃথিৱীৰ অন্যান্য বিভিন্ন ভাষাৰ সাৰ্বজনীন গণবিশ্বেকাষ নিত্যবৰ্ধিত সংখ্যাইও এই প্ৰকল্পৰ কলেৱৰ বৃদ্ধিত অৰিহনা যোগাইছে।

ৱিকিপিডিয়া ইণ্টাৰনেটক কেন্দ্ৰ কৰি গঢ়ি উঠা এক মুক্ত জ্ঞানকোষ পৰিযোজনা । ই ৱিকি নামৰ এনে এটা ব্যৱস্থাৰে পৰিচালিত য’ত যি কোনো ব্যক্তিয়েই ইয়াৰ যিকোনো বিষয়কে সম্পাদনা কৰিব পাৰে ।ৱিকিপিডিয়া শব্দটো ৱিকি আৰু এনচাইক্ল’পিডিয়া (জ্ঞানকোষ) শব্দ দুটা মিলাই সৃষ্টি কৰা হৈছে । ৱিকিপিডিয়া এক বহুভাষিক প্ৰকল্প আৰু ই স্বেচ্ছাসেৱকৰ বৰঙনিৰে নিৰ্মিত ।ইণ্টাৰনেটৰ জৰিয়তে যিকোনো ব্যক্তিয়েই ইয়াত বৰঙনি আগবঢ়াব পাৰে আৰু সম্পাদনা কৰিব পাৰে । ৱিকিপেডিয়াৰ মূখ্য পৰিচালন কেন্দ্ৰ ফ্লৰিডাটেম্পাত অৱস্থিত আৰু অতিৰিক্ত পৰিচালন কেন্দ্ৰ আমষ্টাৰডাম আৰু ছিউলত আছে ।

জ্ঞানকোষ নিউপিডিয়াৰ এক বৰ্ধিত প্ৰকল্প হিচাপে ইং ৫ জানুৱাৰী, চন ২০০১ ত ইয়াৰ আৰম্ভনি ঘটে। ৱিকিমেডিয়া ফাউণ্ডেচন নামৰ এক অলাভজনক সংস্থাৰ দ্বাৰা ই পৰিচালিত । ২০০৬ চনৰ মাজ ভাগলৈ ইয়াত মুঠ ৪৬ লাখতকৈও অধিক লিখনি আছিল আৰু কেৱল ইংৰাজী ভাষাতেই ১২ লাখতকৈ অধিক লিখনি আছিল। ই ২০০ তকৈও অধিক ভাষাত পৰিচালিত হৈ আছে আৰু ১৫টা ভাষাত ইতিমধ্যে ১৫ হাজাৰতকৈ অধিক লিখনি আছে । জাৰ্মান ভাষাত আনকি ইয়াৰ ডি.ভি.ডি. ও তৈয়াৰ আৰু বিতৰণ কৰা হৈছে । ৱিকিপেডিয়াৰ প্ৰতিষ্ঠাপক জিমি ৱেলচ্‌ৰ ভাষাত " বিশ্বৰ প্ৰতিজন ব্যক্তিৰ বাবে তেওঁলোকৰ নিজা নিজা ভাষাত এক বহুভাষিক, মুক্ত, সম্ভৱপৰ সকলোতকৈ অধিক গুণবিশিষ্ট এক বিশ্বকোষ তৈয়াৰ আৰু বিতৰন কৰাৰ এক প্ৰয়াস ।"

ইতিহাস[সম্পাদনা কৰক]

ৱিকিপিডিয়া আৰম্ভ কৰা হৈছিল নিউপিডিয়াৰ এক বৰ্ধিত প্ৰকল্প হিচাবে। নিউপিডিয়া হ’ল ইংৰাজী ভাষাৰ মুক্ত বিশ্বকোষ য’ত অভিজ্ঞতা সম্পন্ন লিখক সকলে বিভিন্ন লিখনি লিখে আৰু এক সুনিৰ্দিষ্ট পদ্ধতি অনুসৰি লিখাসমুহ সম্পাদনা কৰা হয় । Bomis, Inc নামৰ এক প্ৰতিষ্ঠানে ৯ মাৰ্চ, ২০০০ চনত নিউপিডিয়াৰ কাৰ্যক্ৰম আৰম্ভ কৰে । যাৰ মুল মূল ব্যক্তি আছিল Bomic ৰ পৰিচালক জিমি ৱেলচ্‌ (Jimmy Wales) আৰু প্ৰধান সম্পাদক লেৰী চেংগাৰ (Larry Sanger) যি পৰৱৰ্ত্তীকালত উইকিপিডিয়াৰ কামৰ স’তে জড়িত হ’ল ।

বিভিন্ন ভাষাত ৱিকিপিডিয়া[সম্পাদনা কৰক]

জুলাই ২০০৬ লৈকে ৱিকিপিডিয়াত মুঠ ১৫১ টা সক্ৰিয় সংস্কৰণ আছিল আৰু ই ২২৯ টা ভাষাত আৰম্ভ হৈ উঠিছিল । বিভিন্ন ভাষাৰ সংস্কৰন সমূহে স্বতন্ত্ৰ ভাৱে কাৰ্য সম্পাদন কৰে আৰু ইয়াৰ আন আন ভাষাৰ সংস্কৰ্ণ সমূহৰ লগত আপাততঃ কোনো সম্বন্ধ নাথাকে । এটা ভাষাত থকা লিখনি সমুহ আন এটা ভাষালৈ অনুবাদ কৰিবই লাগিব বুলি কোনো বাধ্য বাধকতা নাই আৰু স্বয়ংক্ৰিয় অনুবাদ ইয়াত বৰ্জনীয় । বিভিন্ন ভাষাৰ সংস্কৰণসমূহ ”নিৰপেক্ষ দৃষ্টিকোণ” সমভাৱাপন্ন নীতিৰে সজোৱা হ্য় । বিভিন্ন ভাষাৰ সংস্কৰণৰ লিখনি আৰু চিত্ৰ সমূহ ইণ্টাৰৱিকি (interwiki)ৰ দ্বাৰা সংযুক্ত কৰিব পৰা যায় । লিখনিৰ অনুবাদৰ বাবেও অনুৰোধ কৰিব পৰা যায় । মূখ্য ভাষা সমূহৰ ভিতৰত ইংৰাজী, জাৰ্মান, ফৰাচী, জাপানী, চুইডিছ, পতুৰ্গাল আৰু স্পেনিছ আদি প্ৰধান ।

অসমীয়া ৱিকিপিডিয়া[সম্পাদনা কৰক]

অসমীয়া ৱিকিপিডিয়াৰ কাম ২০০৬ চনতেই আৰম্ভ হয় যদিও স্বেচ্ছাসেৱকৰ অভাৱত ই এতিয়াও তেনেই শিশু অৱস্থাতেই আছে। অসমীয়া ৱিকিপিডিয়াত সম্প্ৰতি ৩,৬৫০ টা প্ৰৱন্ধ আছে।

সম্পৰ্কীয় ভাৰ্ছন আৰু ভাষাসমূহ[সম্পাদনা কৰক]

অন্য ভাষাৰ ৱিকিপিডিয়াসমূহ
Wiktionary-logo.svg


ভগ্নী প্ৰকল্পসমূহ[সম্পাদনা কৰক]

Wikipedia is hosted by the Wikimedia Foundation, a non-profit organization that also hosts a range of other projects:

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]