ব্যাপক বিতর্কৰ পাছত আজি উইলিয়ামছন মেগৰ শৈক্ষিক ন্যাসে ঘোষণা কৰে ২০১৭ বর্ষৰ অসম উপত্যকা সাহিত্য বঁটা৷ সৃজনীমূলক অসমীয়া সাহিত্য আৰু সাহিত্যিকক উদগনি আৰু সন্মানৰ বাবে ১৯৯০ চনৰ পৰা ন্যাসে আগবঢ়াই অহা এই সন্মান এইবাৰ প্রথম তিনিজনলৈ আগবঢ়ায়৷ এইবাৰৰ বঁটাক লৈ যথেষ্ট বিতর্ক হোৱাৰ পাছত আজি ন্যাসে ২০১৭ বর্ষৰ অসম উপত্যকা সাহিত্য বঁটা ঔপন্যাসিক, বিশিষ্ট সাহিত্যিক তথা কবি সনন্ত তাঁতী, ড০ ৰীতা চৌধুৰী আৰু বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংছিলৈ আগবঢ়োৱাৰ কথা ঘোষণা কৰে৷
উল্লেখযোগ্য যে এইবাৰ বঁটা প্রদানৰ ক্ষেত্রত ৰাজনৈতিক হস্তক্ষেপ হোৱাত সন্মানীয় বঁটা যথেষ্ট বিতর্কৰ আৱর্তত সোমাই পৰে৷ এই বিতর্কৰ বাবে আৰু ৰাজনৈতিক হস্তক্ষেপৰ বাবে আনকি নির্বাচক সমিতিয়ে পদত্যাগো কৰে৷ নির্বাচনী সমিতিয়ে আনবাৰৰ দৰেই এইবাৰো এজন সাহিত্যিকৰ নাম বাছনি কৰিছিল৷ কিন্তু পাছত দিছপুৰৰ হস্তক্ষেপ চলে এই বঁটাত এজন ৰাজনৈতিক আশিসপুষ্ট সাহিত্যিককে ধৰি দুজনৰ নাম তালিকাত অন্তর্ভুক্ত কৰিবৰ বাবে৷
ইয়াৰ বাবেই ক্ষুব্ধ হৈ নির্বাচনী সমিতিয়ে পদত্যাগ কৰে৷ নির্বাচনী সমিতিৰ অবিহনেই আজি ন্যাসে বঁটা ঘোষণা কৰে৷ অহা মার্চ মাহত গুৱাহাটীত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত এই বঁটা আনুষ্ঠানিকভাৱে প্রদান কৰা হ’ব৷ উল্লেখযোগ্য যে ১৯৫২ চনত কৰিমগঞ্জৰ কালীনগৰ চাহ বাগিচাত জন্মগ্রহণ কৰা কবি, সাহিত্যিক সনন্ত তাঁতীৰ এইপর্যন্ত পাঠকৰ সমাদৃত ১৩খনকৈ কবিতা সংগ্রহ প্রকাশ পাইছে৷ তেওঁৰ কবিতাৰ উদ্দেশ্য হৈছে জনগণৰ অধিকাৰৰ বাবে অক্লান্ত সংগ্রাম৷ তেওঁ ইতিমধ্যে মৃণালিনী দেৱী গোস্বামী বঁটা, বীৰ বিৰছা মুণ্ডা বঁটা, ওচমান আলী সদাগৰ সমন্বয় বঁটা, ক্রান্তিকাল সন্মান, শৈলধৰ ৰাজখোৱা বঁটা আদি বহুকেইটা সন্মান লাভ কৰিছে৷
ইফালে, ড০ ৰীতা চৌধুৰী ১৯৬০ চনত অৰুণাচল প্রদেশৰ টিৰাপ জিলাৰ নামপঙত জন্মগ্রহণ কৰিছিল৷ ৰাজনীতি বিজ্ঞানৰ স্নাতক ডিগ্রীধাৰী ড০ চৌধুৰী অসমীয়া আৰু ৰাজনীতি বিজ্ঞান উভয় বিষয়তে স্নাতকোত্তৰ ডিগ্রীধাৰী৷ ২০০৫ চনত তেওঁ তুলনামূলক সাহিত্যত গৱেষণা কৰি ডক্টৰেট ডিগ্রী লাভ কৰে৷ একাধাৰে কবি, সাহিত্যিক, গল্পকাৰ, ঔপন্যাসিক, সমালোচক হিচাপে পৰিচিত ক্তড০ চৌধুৰীয়ে ইতিমধ্যে নিজৰ সৃষ্টিশীল লেখাৰে অসম সাহিত্য সভা বঁটা, কলাগুৰু বিষ্ণুপ্রসাদ ৰাভা বঁটা, সাহিত্য অকাদেমি বঁটা, লেখিকা সমাৰোহ সাহিত্য বঁটা, জি এ কুলকার্ণী বঁটা আদি বঁটাৰে সন্মানিত হৈছে৷
দেওলাংখুই, মাকাম আদি উপন্যাসেৰে তেওঁ অসমীয়া সাহিত্য ক্ষেত্রখনত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে৷ আনহাতে, ১৯৫২ চনত অৰুণাচল প্রদেশৰ পশ্চিম কামেং জিলাৰ জিগাও নামৰ স্থানত জন্মগ্রহণ কৰা বিশিষ্ট সাহিত্যিক য়েছে দৰজে থংছিয়ে কটন কলেজৰ পৰা স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্রী লাভ কৰে৷ তেওঁৰ মাতৃভাষা চেৰডুকন যদিও অসমীয়া মাধ্যমত শিক্ষাগ্রহণ কৰি পাছত এই ভাষাতে সাহিত্য চর্ আৰম্ভ কৰে৷ তেওঁ নাটক, চুটি গল্প, উপন্যাস, কবিতা, শিশু সাহিত্য আদিত যথেষ্ট বৰঙনি আগবঢ়াই আহিছে৷ ইতিমধ্যে তেওঁ সাহিত্য অকাদেমিও লাভ কৰিছে৷
Comments