যাদৱ পায়েঙক মেক্সিকো চৰকাৰৰ বিশেষ আমন্ত্ৰণ! এইবাৰ মেক্সিকোত তেওঁ গঢ়ি তুলিব সেউজ অৰণ্য

0
182
Google search engine

অসমৰ প্ৰখ্যাত প্ৰকৃতিবিদ অৰণ্য মানৱ যাদৱ পায়েঙে এইবাৰ বিদেশৰ মা্টিতো গঢ়ি তুলিব বিশাল অৰণ্য। মেক্সিকোত অৰণ্য গঢ়িবলৈ যাব যাদৱ পায়েং। মেক্সিকো চৰকাৰে অসমৰ যাদৱ পায়েঙক প্ৰতি বছৰে তিনি মাহ থকাকৈ দহ বছৰলৈ মেক্সিকোলৈ আমন্ত্ৰণ জনাইছে।যাদৱ পায়েঙক উত্তৰ আমেৰিকাৰ মেক্সিকো চৰকাৰে সন্মান জনাই প্ৰদান কৰিছে ১০ বছৰৰ ভিছা।মেক্সিকোত গছপুলি ৰোপণ কৰিবলৈ চৰকাৰে আঠ লাখ হেক্টৰ মাটি লৈছে। এই বৃহৎ প্ৰকল্প ৰূপায়ণৰ বাবে অসমৰ অৰণ্যমানৱ যাদৱ পায়েঙৰ সৈতে মেক্সিকোৰ চৰকাৰে কৰিছে এক বিশেষ চুক্তি।

উল্লেখযোগ্য যে,বৰ্ষাকাল আৰম্ভ হোৱাৰ লগে লগে মেক্সিকোলৈ গৈ উক্ত বৃহৎ পৰিসৰৰ মাটিত বৃক্ষ ৰোপণৰ তদাৰক কৰিব লাগিব যাদৱ পায়েঙে।দৈনিক এক লাখ ছাত্ৰ-ছাত্ৰী তথা যুৱক-যুৱতীয়ে যাদৱ পায়েঙৰ সৈতে বৃক্ষ ৰোপণৰ কামত অংশগ্ৰহণ কৰিব। ছেপ্টেম্বৰৰ পৰা নৱেম্বৰলৈকে মেক্সিকোত থাকি ১০ বছৰলৈ এই আঠ লাখ হেক্টৰৰ বৃহৎ এলেকাৰ মাটিত বৃক্ষ ৰোপণ কৰিব যাদৱ পায়েঙে।

মেক্সিকোত ৰুবৰ বাবে অসমৰ পৰা এটা তামোল পুলি আৰু এটা নাৰিকলৰ পুলি লৈ যাব যাদৱ পায়েঙে। মেক্সিকো চৰকাৰে অসমৰ এইগৰাকী বিশিষ্ট প্ৰকৃতিবিদলৈ আগবঢ়োৱা সন্মানে যাদৱ পায়েঙৰ পৰিয়ালৰ লগতে প্ৰতিজন অসমীয়াক সুখী কৰি তুলিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here